Skip to playerSkip to main content
  • 11 minutes ago
ওড়িশা: ১৬ জুলাই, বৃহস্পতিবাৰৰ পৰা ওড়িশাৰ পুৰীত ভগৱান জগন্নাথ ৰথযাত্ৰা আৰম্ভ হৈছে । সমগ্ৰ দেশৰ লগতে বিশ্বৰ লাখ লাখ ভক্তই এই মহোৎসৱত অংশগ্ৰহণ কৰিছে । পুৰীৰ ৰথযাত্ৰা উপলক্ষে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বলুকা শিল্পী তথা পদ্মশ্ৰী বঁটা বিজয়ী সুদৰ্শন পাটনায়কে সাগৰৰ পাৰত এক বিশেষ বলুকা শিল্পৰ সৃষ্টি কৰে । য’ত শিল্পীগৰাকীয়ে ভগৱান জগন্নাথৰ লগতে বালিৰে ১০০ খন ক্ষুদ্ৰ ৰথ নিৰ্মাণ কৰিছে ।উল্লেখ্য যে, পুৰীৰ ৰথযাত্ৰাৰ বাবে ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে । ভগৱান জগন্নাথৰ এই ৰথযাত্ৰাক হিন্দু সনাতন ধৰ্মৰ অন্যতম বৃহৎ প্ৰাচীন ধৰ্মীয় উৎসৱ হিচাপে গণ্য কৰা হয় । প্ৰতি বছৰে ভাৰত আৰু বিদেশৰ লাখ লাখ ভক্তই পুৰীৰ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ।লোকবিশ্বাস অনুসৰি, এই সময়ছোৱাত ভগৱান জগন্নাথে তেওঁৰ জ্যেষ্ঠ ভাতৃ ভগৱান বলোভদ্ৰ আৰু ভগ্নী দেৱী সুভদ্ৰাৰ সৈতে মন্দিৰৰ পৰা ওলাই আহি তেওঁৰ ভক্তসকলক দৰ্শন দিয়ে । এই মুহূৰ্তটো অলৌকিক, আচৰিত আৰু আৱেগেৰে ভৰা ৷লগতে পঢ়ক : নাই ওখ ওখ দেৱাল, নাই অস্ত্ৰধাৰী নিৰাপত্তাৰক্ষী: কয়দীৰ বাবে সাজু এখন মুক্ত কাৰাগাৰ

Category

🗞
News
Comments

Recommended