Skip to playerSkip to main content
  • 11 hours ago
মৰিগাঁও: "কল-পচলাৰ বিয়া, ভেকুলী আমাৰ দৰা,আমি আশা কৰিছো বৰষুণ এজাক দিয়া…"ৰাজ্যৰ বিভিন্ন প্ৰান্তত যেতিয়া প্ৰলয়ংকাৰী বানে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে, ঠিক সেই সময়তে ইয়াৰ সম্পূৰ্ণ বিপৰীত আৰু এক কৰুণ ছবি দেখিবলৈ পোৱা গৈছে মৰিগাঁও জিলাত । বিগত সময়ছোৱাত বানৰ কবলত পৰা জিলাখনত এইবেলি এক তীব্ৰ খৰাং পৰিস্থিতিয়ে দেখা দিছে ।  আকাশত মেঘৰ গাজনি আছে যদিও পিয়াসী ধৰিত্ৰীক ভিজাব পৰাকৈ নাই এটোপালো বৰষুণ । তীব্ৰ খৰাঙৰ গ্ৰাসত পৰি এতিয়া মৰিগাঁৱৰ চহা কৃষকৰ হাড়ভঙা শ্ৰমেৰে জীপাল হোৱা পথাৰে পথাৰে দেখা দিছে চিৰাল ফাঁট । পৰিস্থিতি এনে এক ভয়াৱহ পৰ্যায় পাইছেহি যে কেৱল বয়োজ্যেষ্ঠ লোকেই নহয়, আনকি জিলাখনৰ কণ কণ শিশুসকলেও এতিয়া এই সংকটৰ গভীৰতা মৰ্মে মৰ্মে বুজি উঠিছে ।প্ৰকৃতিৰ এই অনিয়মীয়া আচৰণ আৰু ভয়াৱহ খৰাং পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া পৰম্পৰাগত লোকবিশ্বাসৰ আশ্ৰয় লৈছে মৰিগাঁও জিলাৰ মিলনপুৰৰ এজাক কণ কণ শিশুৱে । নেৰানেপেৰা খৰাঙৰ পৰা মুক্তি বিচাৰি আৰু ধৰিত্ৰী আইক শস্য-শ্যামলা কৰাৰ মানসেৰে এই শিশুসকলে আয়োজন কৰিলে এক ব্যতিক্ৰমী তথা আৱেগিক অনুষ্ঠানৰ । বৰুণ দেৱতাক সন্তুষ্ট কৰাৰ উদ্দেশ্যে গাঁৱৰ শিশুসকলে একত্ৰিত হৈ আয়োজন কৰিলে পৰম্পৰাগত 'কল-পচলাৰ বিয়া' ।হাতে হাতে কলপচলা লৈ, থলুৱা বিয়ানাম গাই মিলনপুৰৰ আকাশ-বতাহ মুখৰিত কৰি তুলিলে এই কণ কণ শিশুসকলে । সমাজৰ প্ৰচলিত বিশ্বাস অনুসৰি, তীব্ৰ খৰাঙৰ সময়ত ভেকুলী বা কল-পচলাৰ বিয়া পাতিলে বৰুণ দেৱতা সন্তুষ্ট হয় আৰু ধৰালৈ বৰষুণ নামি আহে । সেই বিশ্বাস বুকুত বান্ধিয়েই নিষ্পাপ শিশুসকলে ভগৱানৰ ওচৰত কাতৰ প্ৰাৰ্থনা জনাইছে, যাতে এজাক জুৰণি পৰা বৰষুণে মৰিগাঁৱৰ শুকাই যোৱা পথাৰসমূহ পুনৰ জীপাল কৰি তোলে আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ মুখলৈ হাঁহি ঘূৰাই আনে ।লগতে পঢ়ক: বানৰ অভিশাপ ! জোনাইত এতিয়া চৌদিশে ধ্বংসৰ কৰুণ ছবিপ্ৰচণ্ড গৰমে দহিছে মৰিগাঁঁৱক: এজাক বৰষুণৰ আশাত চাতক চৰাইৰ দৰে বাট চাইছে জনতাই

Category

🗞
News
Comments

Recommended