Skip to playerSkip to main content
  • 14 hours ago
জোনাই: জোনাইৰ অসম-অৰুণাচল সীমান্তৰ অয়ানত বুধবাৰে সন্ধিয়া এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হোৱাৰ বিপৰীতে আন এজন গুৰুতৰভাৱে আহত হয় ৷ আহত যুৱকজনক স্থানীয় লোকে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷অয়ানৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় । স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, যুৱক দুজনে এখন মটৰ চাইকেলত জোনাইৰ পৰা পাচিঘাট অভিমুখে গৈ থকা সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় । বিপৰীত দিশৰ পৰা তীব্ৰবেগেৰে অহা এখন অচিনাক্ত চাৰিচকীয়া বাহনে মটৰ চাইকেলখনত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ।চাৰিচকীয়া বাহনখনে মটৰ চাইকেলত খুন্দা মৰাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰা বুলিও স্থানীয় লোকে সম্ভাৱনা ব্যক্ত কৰে ৷ দুৰ্ঘটনাত আহত আৰু নিহত হোৱা যুৱক দুজনৰ পৰিচয় বাতৰি সংগ্ৰহ কৰা সময়লৈকে আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই । অৱশ্যে, নিহত যুৱকজন জোনাইৰ দৌৰাবস্তি গাঁৱৰ বাসিন্দা বুলি স্থানীয় সূত্ৰৰ পৰা জানিব পৰা হৈছে । দুৰ্ঘটনাগ্ৰস্ত মটৰচাইকেলখনৰ পঞ্জীয়ন নম্বৰ AR 09C 1161 ।এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । অচিনাক্ত বাহনখনৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই থকা বুলি জানিব পৰা গৈছে । ইফালে আহত যুৱকজন অৰুণাচল অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ তেওঁৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ ৷ লগতে পঢ়ক : তিতাবৰত মটৰ চাইকেলৰ খুন্দাত মহিলাৰ মৃত্যু

Category

🗞
News
Transcript
00:00I know we suddenly have no cover me maybe six forty way to go to so yeah cover me like
00:06accident who are we are on the spot on the phone so I'm going to go home just you know
00:11more about just a game I'm turning me I'm excited why I can't get it to a good day
00:15I could do it I'm going to pass it up to you I'm going to pass it up to you
00:19I'm going to
00:20see you and I'm going to pass it up to you I'm going to pass it up to you I'm
00:25going to
00:39foreign
00:47foreign
00:52foreign
01:01foreign
01:09foreign
01:11foreign
01:17foreign
01:25foreign
01:40medical

Recommended