Skip to playerSkip to main content
  • 7 minutes ago
যোৰহাট: টীয়কৰ পদুম চাহ বাগিচাত পিঞ্জৰাবদ্ধ এটা নাহৰফুটুকী ৷ টীয়কৰ মুদৈজান, বলমাকে আদি কৰি বিভিন্ন স্থানত দীৰ্ঘদিন ধৰি নাহৰফুটুকীয়ে সন্ত্ৰাস চলাই আহিছিল ৷ বহু পোহনীয়া জীৱ-জন্তুক ভক্ষণ কৰিছিল ৷ ফলত অসহায় হৈ পৰিছিল সাধাৰণ জনতা ।বাঘৰ সন্ত্ৰাসৰ বাবে মানুহে ঘৰৰ পৰা ওলাবলৈ ভয় কৰিছিল, সন্ধিয়া হ’লে নিস্তব্ধ হৈ পৰিছিল ৰাস্তা-পদূলি । ইয়াৰ পাছতেই ৰাইজৰ অনুৰোধত বন বিভাগে ২৩ জুনত এটা পিঞ্জৰা স্থাপন কৰে ৷ মঙলবাৰে পুৱা এটা নাহৰফুটুকী পিঞ্জৰাত বন্দী হয় ৷ নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাৰ পাছতে গাঁওবাসীয়ে স্বস্তিৰ নিশ্বাস ত্যাগ কৰে ৷ ইফালে নাহৰফুটুকীটো চাবলৈ পুৱাৰে পৰা চাহ-বাগিচাখনলৈ বয়োজ্যেষ্ঠৰ পৰা কণমানিয়ে ভিৰ কৰে ৷ কোনোৱে যদি নাহৰফুটুকীটোৰ লগত ছেলফি তোলে, আন কোনোৱে আকৌ ম’বাইল কেমেৰাত নাহৰফুটুকীটোক আবদ্ধ কৰে ।স্থানীয় লোকে কয়, "তিনি-চাৰিমাহ ধৰি নাহৰফুটুকীটোৱে আমাৰ অঞ্চলসমূহত সন্ত্ৰাস চলাই আহিছিল ৷ বহু পোহনীয়া গৰু-ছাগলী মাৰিছিল । ২৪ তাৰিখে বাঘটোৱে আমাৰ এজনী গৰু মাৰিছিল ৷ সেই বিষয়ে বন বিভাগক অৱগত কৰো আৰু বন বিভাগে পতা এক পিঞ্জৰাত আজি নাহৰফুটুকীটো বন্দী হ’ল । এতিয়া আমি শান্তিৰে থাকিব পাৰিম, কাৰণ বাঘৰ ভয়ত সন্ধিয়াতে ঘৰত সোমাইছিলো ।"লগতে পঢ়ক : দীৰ্ঘদিনে আতংকৰ সৃষ্টি কৰা বনৰজা এইবাৰ যোৰহাটৰ চাহ বাগিছাৰ জালত

Category

🗞
News
Transcript
00:01foreign
00:08foreign
00:30How are you working in the prison for the 3rd days?
00:33Today, in the 3rd days, we have to get a stay at the prison.
00:36In the prison we have to get a stay at the prison.
00:41We need to get a stay at the prison.
00:45The prison under the prison is the van from this time.
Comments

Recommended