Skip to playerSkip to main content
  • 7 hours ago
জোনাই : ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথে এতিয়া জ্বলকলা খুওৱাইছে পথাচাৰীক ৷ কাৰণ চিলাপথাৰ চহৰৰ মাজেৰে যোৱা ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত য’তে ত’তে সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ ৷ ফলত দিনক দিনে বাঢ়িব ধৰিছে পথ দুৰ্ঘটনাৰ ৷ উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ আলং সংযোগী ঘাইপথচোৱাত এতিয়া ঠায়ে ঠায়ে পুখুৰী সদৃশ গাতৰ সৃষ্টি হৈছে আৰু ইফালে এজাক বৰষুণ দিলেই পানীৰে উপচি পৰে ৰাষ্ট্ৰীয় ঘাইপথচোৱা ৷ৰাষ্ট্ৰীয় ঘাইপথচোৱা মেৰামতিৰা দাবী উত্থাপন কৰি দল সংগঠনৰ নেতৃত্বই কয়,"পথচোৱাৰে যাতায়ত কৰিব নোৱাৰা অৱস্থা ৷ অৰুণাচলৰ আলং সংযোগী পথচোৱা মেৰামতিৰ দাবীত প্ৰতিবাদ কৰি আজিলৈকে আমি সুফল নাপালো ৷ এটা বিভাগে আন এটা বিভাগলৈ ঠেলি দিয়ে ৷ এই পথৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে অহা-যোৱা কৰে, তাৰ পাছতো পথচোৱা মেৰামতি কৰিব লাগে বুলি ভৱা নাই ৷"লগতে পঢ়ক: চলচ্চিত্ৰৰ প্ৰতি সচেতনতা বৃদ্ধিৰ লক্ষ্য: যোৰহাটত পঞ্চম ফিল্ম এপ্ৰিচিয়েশ্বন ক’ৰ্ছৰ সফল সামৰণি

Category

🗞
News
Transcript
00:28Thank you very much.
00:59Thank you very much.
Comments

Recommended