Skip to playerSkip to main content
  • 4 hours ago
মৰিগাঁও: দেশৰ আন ঠাইৰ লগতে মৰিগাঁও জিলাতো বৃহস্পতিবাৰে পৱিত্ৰ শ্ৰীশ্ৰী জগন্নাথ ৰথযাত্ৰাৰ আয়োজন কৰা হয় । এই পৱিত্ৰ দিনটোত ভগৱান জগন্নাথ, প্ৰভু বলোভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ কৃপা লাভৰ বাবে জিলাখনৰ বিভিন্ন প্ৰান্তত ভক্তপ্ৰাণ ৰাইজৰ সমাগম পৰিলক্ষিত হয় ।'জয় জগন্নাথ' ধ্বনি, নাম-প্ৰসংগ, খোল-তালৰ শব্দ আৰু ভক্তিমূলক সংগীতে সমগ্ৰ পৰিৱেশ মুখৰিত কৰি তোলে । এই সন্দৰ্ভত এজন উদ্য়োক্তাই কয়,  "ভগৱান জগন্নাথৰ ৰথ টানিলে জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি লাভ হয় । এই চিৰন্তন বিশ্বাসকে সাৰথি কৰি বহু দূৰ-দূৰণিৰ পৰাও অগণন ভক্তই এই পৱিত্ৰ যাত্ৰাত অংশগ্ৰহণ কৰিছে ।" ৰথ যাত্ৰাত ভক্তসকলে নিজৰ পৰিয়ালৰ লগতে সমাজ, ৰাজ্য আৰু দেশৰ সুখ-শান্তি, সৰ্বাংগীন উন্নতি আৰু মংগলৰ বাবে ভগৱানৰ চৰণত প্ৰাৰ্থনা জনায় ।লগতে পঢ়ক:হাফলঙৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী জগন্নাথ মন্দিৰত ৰথযাত্ৰা মহোৎসৱ

Category

🗞
News
Transcript
00:06BINDA GABINDA GABINDA HARE
00:09DAHERA BHEYAH BHEYAH BHEYAH BISHMA KRISHNA
00:13GABINDA GABINDA GABINDA HARE
00:23KAIRA BINDA HARE
Comments

Recommended