Skip to playerSkip to main content
  • 8 minutes ago
ধেমাজি: ধেমাজি জিলাত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ঘটিছে ৷ বাৰিষা বানপানীৰ সময়ত বিভিন্ন বেমাৰৰ সমানে জাপানীজ এনকেফেলাইটিছ বৃদ্ধি পায় ৷  এই সন্দৰ্ভত ধেমাজি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ জে এম প্ৰসাদে উল্লেখ কৰা মতে, এইবছৰ ২১গৰাকী লোক এনকেফেলাইটিছত আক্ৰান্ত হৈছে ৷ ইয়াৰ ভিতৰত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হয় ৪গৰাকী লোক আৰু আন ১৭গৰাকী এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈছে ৷জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৪গৰাকীয়ে চিকিৎসাৰ অন্তত আৰোগ্য লাভ কৰিছে বুলি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকগৰাকীয়ে কয় ৷ ইপিনে, জিলাখনত এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ৰোধৰ বাবে ব্যাপক সজাগতা আৰু ধোঁৱা দিয়া ব্যৱস্থা কৰা বুলিও বিষয়াগৰাকীয় সদৰী কৰিছে ৷জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ প্ৰসাদে কয়, “জিলাখনত এতিয়ালৈকে ২৪৫৯ খন সজাগতা সভা অনুষ্ঠিত কৰিছো ৷ সেইদৰে ৪৪৯৭৮খন ঔষধযুক্ত আঠুৱা বিতৰণ কৰা হৈছে যাতে মহে ঔষধৰ গোন্ধ পালে আঁতৰি থাকে । মহ নিধনৰ বাবে এতিয়ালৈকে ২৯ দিন ধোঁৱা দিয়া হৈছে আৰু এতিয়াও অব্যাহত আছে ।"লগতে পঢ়ক:বৰপেটাত জাপানীজ এনকেফেলাইটিছত দুজনৰ মৃত্যুচিন্তনীয় বিষয় : জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ডিব্ৰুগড়ত মৃত্যু এজনৰ
 

Category

🗞
News
Transcript
00:29Thank you very much.
00:40Thank you very much.
01:09Thank you very much.
01:57Thank you very much.
01:58Thank you very much.
02:46Thank you very much.
Comments

Recommended