Skip to playerSkip to main content
  • 8 minutes ago
পুৰণিগুদাম: নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামৰ সু-সন্তান, লুইতকোঁৱৰ ৰুদ্ৰ বৰুৱাৰ সোঁৱৰণত স্থাপিত 'ৰুদ্ৰ বৰুৱা সংগীত একাডেমী'ৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি অলপতে সম্পন্ন হৈ যায় । পুৰণিগুদামৰ ডঃ ভৱেন্দ্ৰনাথ শইকীয়া ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানটোৰ আঁত ধৰে সাংবাদিক সীমান্ত কলিতাই । নগাঁৱৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান 'অবিনশ্বৰ গোষ্ঠী'ৰ ব্যৱস্থাপনাত বিগত বৰ্ষৰ জুলাই মাহৰ পৰা এই ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী চলি আছিল । ইয়াৰ অংশস্বৰূপে শনিবাৰে লুইতকোঁৱৰ ৰুদ্ৰ বৰুৱা গীতৰ এক প্ৰতিযোগিতা অনুষ্ঠিত হয় । ইয়াৰ পিছদিনা, অৰ্থাৎ দেওবাৰে সন্ধিয়া ৬ বজাত মূল বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় । লুইতকোঁৱৰ ৰুদ্ৰ বৰুৱা বঁটা বিশিষ্ট গীতিকাৰ সুৰকাৰ তথা বিশিষ্ট শিল্পী সূর্য কুমাৰ ৰাজা আৰু ২০২৬-২৭ বৰ্ষৰ বাবে লুইতকোঁৱৰ ৰুদ্ৰ বৰুৱা বঁটা যশস্বী শিল্পী তথা জনপ্ৰিয় কণ্ঠশিল্পী মনজ্যোৎস্না মহন্তক প্ৰদান কৰা হয় । এই বিশেষ অনুষ্ঠানটিত লুইতকোঁৱৰ ৰুদ্ৰ বৰুৱাৰ পুত্ৰ নৱনীল বৰুৱা, বোৱাৰী শৰ্মিষ্ঠা বৰুৱা আৰু মহী বৰুৱাকে প্ৰমুখ্য কৰি তেওঁৰ পৰিয়ালৰ কেইবাগৰাকীও সদস্য উপস্থিত থাকে । বঁটা বিতৰণৰ শেষত অবিনশ্বৰ গোষ্ঠীৰ উদ্যোগত 'ৰুদ্ৰ বৰুৱা'ৰ গীতৰ আধাৰত এটি সুন্দৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয় ।লগতে পঢ়ক : দূৰ হ’ল বৰপেটাবাসীৰ অভাৱ: ‘ককাদেউতা নাতি আৰু হাতী ২’ চিনেমাৰে মুকলি হ’ল ‘ইউ কে চিনেমাছ’

Category

🗞
News
Transcript
00:00Thank you for joining us.
00:57Thank you for joining us.
01:28Thank you for joining us.
01:30Thank you for joining us.
02:28Thank you for joining us.
02:58Thank you for joining us.
03:29Thank you for joining us.
04:10Thank you for joining us.
Comments

Recommended